Bhat_pithar_payas


#থলুৱা_পিঠা_পনা
#নিৰামিষ
#ভাত পিঠাৰ পায়স
উপকৰণঃ
৩ জনৰ বাবে
পিঠাগুৰিঃ ১০০ গ্ৰাম
গাখীৰঃআধা লিটাৰ
গৰু ঘিঁউঃ ৩ চামুচ
চেনীঃ ৩ চামুচ (ডাঙৰ)
প্ৰণালীঃ
পিঠাগুৰি খিনি চেনী এচামুচ আৰু গাখীৰ আধা কাপৰ লগত আটা মৰা দি মথি ল'ব
এটা পাত্রত পানী অলপ উতলিব দিব,উতল অহাত তাত মথি ৰখা পিঠাগুৰি খিনি চাউল চলা চালনীত চালি দিব আৰু ওপৰলৈ উঠি অহাত পানীৰ পৰা টুকি এটা পাত্রত ৰাখি ঘিঁউ এচামুচ দি দিব( লগ লাগি নাযাবৰ বাবে)
আন এটা পাত্রত বাকি থকা গাখীৰখিনি পগায় তাত পিঠাখিনি দি দিব আৰু শেষত বাকি থকা চেনী খিনি দিব (চেনী নিদিয়াকৈও ৰান্ধিব পাৰি)
৫ মিনিট মান ৰাখি লৰাই নমায় থ'ব
মই সজাবৰ বাবে পিষ্টা আৰু আলমণ্ড ব্যৱহাৰ কৰিছোঁ....
প্ৰস্তুতিঃ
ইজা বৰুৱা

Comments

Post a Comment